আকৌ মুন্নাভাই এমবিবিএছ!

বাক্সাৰ তামুলপুৰত মুন্নাভাই এমবিবিএছ !তামুলপুৰৰ কুমাৰীকাটাত ৰাজ্যিক চিকিৎসালয়ৰ সম্মুখত থকা “নাৰায়ন মেডিকেল এণ্ড আস্থা ক্লিনিকেল লেব’ৰেটোৰী” ৰ স্বত্বাধিকাৰী মনজিৎ দাস নামৰ ব্যক্তি এজনে ভুৱা এমবিবিএছ ডিগ্ৰী ব্যৱহাৰ কৰি চিকিৎসা কৰি আছিল । ভুৱা চিকিৎসক গৰাকীয়ে ইতিমধ্যেই বহু বছৰ ধৰি নিজৰ ফাৰ্মাচী খনত চিকিৎসা কৰি আছিল । যোৱাকালি আবেলি প্ৰায় ৬ মান বজাত তামুলপুৰৰ মহকুমাধিপতিৰ অতিৰিক্ত আয়ুক্ত প্ৰীতম ঠাকুৰীয়াৰ নিৰ্দেশমৰ্মে এই ভুৱা চিকিৎসকজনক তামুলপুৰ আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে তদন্ত কৰি বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.