আজিৰে পৰা নৱ বিবাহিতাই চৰকাৰৰ পৰা নাপাব সোণৰ গহনা!

বন্ধ হল অসম চৰকাৰৰ এক সন্মোহিনী আঁচনি

নিউজ ডেস্ক:

হিলা সবলীকৰণৰ দোহাই দি অসম চৰকাৰে আৰম্ভ কৰা’অৰুন্ধতী স্বৰ্ণ আঁচনি’ আজিৰে পৰা বন্ধ হৈছে। ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে আঁচনিখন প্ৰৱৰ্তন কৰিছিল। এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ ক্ৰয় কৰিবলৈ ৪০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল। মাত্ৰ কেইটামান বছৰৰ ভিতৰতে বন্ধ হ’ল উক্ত আঁচনিখন।

২০২০ চনৰ ২৪ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়ৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আঁচনিখনৰ শুভাৰম্ভ কৰিছিল। অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মুখ্য ভূমিকা লৈছিল। ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী নহয়। যোৱা ২৭ ফেব্ৰুৱাৰীত চৰকাৰী এক অধিসূচনাৰ জৰিয়তে এই আঁচনিখন বন্ধ কৰাৰ ঘোষণা কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.