আইআইটি মাদ্ৰাজৰ গৱেষক ছাত্ৰৰ আত্মহত্যা!

নিউজ ডেস্ক:

চেন্নাইৰ ভেলাচেৰীত চাঞ্চল্যকৰ ঘটনা। আইআইটি মাদ্ৰাজৰ এগৰাকী পিএইচডি গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু। চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ। নিজ ভাড়াঘৰৰ ভিতৰতে উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো পশ্চিমবংগৰ ৩২ বছৰীয়া শচীন কুমাৰ জৈন নামৰ ছাত্ৰজনৰ বুলি চিনাক্ত কৰা হৈছে।

ভেলাচেৰী আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে পুৱা আন দিনাৰ দৰে ছাত্ৰজন প্ৰতিষ্ঠানটোলৈ গৈছিল। অৱশ্যে, তেওঁ সহপাঠী কাকো নজনোৱাকৈ নিজ ভাড়াঘৰলৈ গুচি আহিছিল। কেইজনমান বন্ধুৱে তেওঁক বিচাৰি শ্ৰেণীকোঠালৈ গৈছিল যদিও তাত বিচাৰি নোপোৱাত বন্ধুকেইজনে তেওঁৰ ভাড়াঘৰলৈ গৈ দেখা পাই ঘৰটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। বন্ধুকেইজনে দুৱাৰখন ভাঙি ভিতৰত প্ৰৱেশ কৰাত ফেনত চিপ লোৱা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে ভেলাচেৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী ৰয়াপেট্টা হাস্পতাললৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। কি কাৰণত গৱেষক ছাত্ৰজনে আত্মহত্যাৰ পথ বাছি ল’লে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।।

You might also like
Leave A Reply

Your email address will not be published.