আজিৰ কেবিনেটত কি কি সিদ্ধান্ত ?

আজিৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-

▪️প্ৰাক্তন সাংসদ ৰমেন ডেকাক “ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগৰ” সহ উপাধ‍্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰাৰ লগতে কেবিনেট মৰ্য্যদা প্ৰদানৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।
▪️চৰকাৰে খিলঞ্জীয়া ভূমিহীন লোকক পূৰ্বৰ তিনিবছৰৰ বিপৰীতে এতিয়াৰে পৰা মাটি প্ৰদান কৰাৰ সময়তেই ম্যাদী পট্টা প্ৰদান কৰিব। ১৫ বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব।
▪️ফ্লেট পঞ্জীয়ন কাৰ্য সহজ কৰাৰ লক্ষ্যৰে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে জিলা প্ৰশাসনৰ কোনো অনুমতি ল’ব নালাগে। ক্ৰেতা-বিক্ৰেতাই নিজেই পঞ্জীয়ন কাৰ্য সমূহ সম্পন্ন কৰিব পাৰিব।
▪️১ লাখ চাকৰিৰ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে বিগত কেবিনেটে আৰক্ষী বিভাগৰ প্ৰায় ১৫ হাজাৰ পদ পূৰণৰ অনুমোদন জনাইছিল। আজি কেবিনেটে পুনৰ শিক্ষা বিভাগত খালী হৈ থকা ২২,৯২১ টা পদ পূৰণৰ নিযুক্তি প্ৰক্ৰিয়াত অনুমোদন জনায়। ইয়াৰে প্ৰাথমিক শিক্ষাতঃ- দহ হাজাৰ, মাধ্যমিক শিক্ষাতঃ ১২,৯২১ টা পদ পূৰণ কৰা হ’ব আনহাতে পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা লগতে বড়ো মাধ্যম, গাৰো মাধ্যম আৰু মনিপুৰী মাধ্যমৰ বাবেও বিশেষ টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব। ১ ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।
▪️আজিৰ কেবিনেটে ৰাজ্য চৰকাৰে “গোৰ্খা” নাগৰিক সকলক বিদেশী ৰূপে কোনো ধৰণৰ গোচৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিদেশী ন্যায়ীধীকৰণত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ ওপৰত চলি থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.