আজিৰ কেবিনেটত কি কি সিদ্ধান্ত?

দিছপুৰত আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ

▶️ অসম চাহ নিগমৰ শ্ৰমিক সকলৰ পি এফত জমা দিবৰ বাবে ১৪২ কোটি ৫ লাখ টকা মুকলি।
▶️ অমৃত সৰোবৰক পূৰ্ণ ৰূপ। ৩,০০৭টা পুখুৰী খন্দাৰ বাবে চিনাক্ত কৰা হৈছে।ইয়াৰ বাবে ১,২০৮কোটি ৩৭ লাখ ধাৰ্য কৰাৰ লগতে অহা বৰ্ষৰ ২৬জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত।
▶️ যিকোনো কাৰণত চাহ বাগানৰ মাটি অধিগ্ৰহণ কৰিব লগীয়া হলে এতিয়াৰ পৰা শ্ৰমিক সকলৰ পুনৰ সংস্থাপনৰ বাবে মালিক পক্ষই মাটিৰ ১০শতাংশ ধন দিব লাগিব।
▶️ সংখ্যালঘু সকলক প্ৰথমবাৰৰ বাবে সংখ্যালঘূৰ প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত।এই ৬ সম্প্ৰদায় ক্ৰমে মুছলমান, জৈন, শিখ, খ্ৰীষ্টান, পাৰ্চী আৰু বৌদ্ধ।
▶️ চাহ বাগিচাই চাহ ব্যৱসায়ৰ উপৰিও ইক’ টুৰিজম গঢ়াৰ বাবে অতিৰিক্ত ভাবে ৫% মাটি ব্যৱহাৰ কৰিব পাৰিব।মালিক পক্ষই নিজে বা চৰকাৰী অনুষ্ঠানৰ জৰিয়তে এই ব্যৱস্থা কৰিব পাৰিব। কিন্তু বেলগেক লিজত দিব নোৱাৰিব।
▶️কেঁচা চাহপাতত কৰ ৰেহাই আৰু ৩ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত।
▶️ দুলু চাহ বাগানৰ ১২৬৩ গৰাকী শ্ৰমিকক Goodwill Grant হিচাপে ১লাখ টকাকৈ আৰ্থিক অনুদান।
▶️ ডিমা হাছাওৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষণাৰ কৰিবৰ বাবে কেবিনেটে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।মুখ্যমন্ত্ৰীয়ে এই বিষয়ে অচিৰেই ঘোষণা কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.