আজি অসম-মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত আলোচনা

আজি আইজলত অনুষ্ঠিত হৈছে অসম আৰু মিজোৰামৰ সীমা বিবাদ সন্দৰ্ভত আলোচনা। দশক দশক ধৰি চলি অহা সীমা বিবাদৰ সমাধানৰ বাবে অসম আৰু মিজোৰাম চৰকাৰে আন এক ৰাউণ্ডৰ আলোচনাত মিলিত হৈছে। অসমৰ সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে মিজোৰাম চৰকাৰৰ প্ৰতিনিধি দল এটাৰ সৈতে আলোচনাত বহিছে। মিজোৰামৰ প্ৰতিনিধি দলৰ নেতৃত্বত আছে ৰাজ্যখনৰ গৃহমন্ত্ৰী লালচামলিয়ানাই। লালচামলিয়ানাৰ মন্ত্রী সতীর্থ লালৰুৱাটকিমা আৰু অসমৰ মন্ত্রী অশোক সিংহলেও এই আলোচনাত অংশ লৈছে৷ বিয়লি ২.৩০ বজাৰ পৰা আইজল ক্লাবত অনুষ্ঠিত হৈছে এই আলোচনা।আলোচনাৰ অন্তত দুয়োপক্ষই এখন সংবাদমেল সম্বোধন কৰিব।

উল্লেখ্য যে,বিগত বৰ্ষৰ জুলাই মাহত লাইলাপুৰত সংঘটিত ভয়ংকৰ সংঘৰ্ষৰ পিছত ২০২১ চনৰ আগষ্ট মাহত দুই ৰাজ্যৰ প্ৰতিনিধি শেষবাৰৰ বাবে আলোচনাত বহিছিল।

You might also like
Leave A Reply

Your email address will not be published.