আজি কলকাতা পৌৰ নিগমৰ নিৰ্বাচন

কলকাতা পৌৰ নিগমৰ (কেএমচি) ১৪৪ টা ৱাৰ্ডৰ বাবে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে নিৰ্বাচন।কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ক’ভিড প্ৰটোকল মানি চলিছে ভোটগ্ৰহণ। মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব নীলাঞ্জন সন্দিকৈয়ে।।

উল্লেখ্য যে, মুঠ ৪,৯৫৯ টা ভোটকেন্দ্ৰত অনুষ্ঠিত এই ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈকে চলিব। ভোটগণনা ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.