আজি ২০ ডিচেম্বৰ

➡️১৫৯০ চনৰ আজিৰ দিনটোতে আধুনিক শৈল্য চিকিৎসাৰ জনক ৰূপে অভিহিত প্ৰখ্যাত ফৰাচী চিকিৎসক আমৰায় পৰীৰ মৃত্যু হৈছিল।
➡️১৮৭৬ চনৰ ২০ ডিচেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাসম্পন্ন গীত ‘বন্দে মাতৰম’ৰ ৰচনা কৰিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। গীতটোৰ সুৰকাৰ যদুনাথ ভট্টাচাৰ্য।
➡️১৯০১ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা গোপালকৃষ্ণ গোখলে ভাৰতৰ গৱৰ্নৰ জেনেৰেল পৰিষদৰ অতিৰিক্ত সদস্য হিচাপে মনোনিত হৈছিল।
➡️১৯৫১ চনৰ আজিৰ দিনটোতে আমেৰিকাই স্থাপন কৰা বিশ্বৰ প্ৰথমটো নিউক্লীয় শক্তি কেন্দ্ৰৰ বিদ্যুৎ উৎপাদন আৰম্ভ কৰা হৈছিল।
➡️১৯৬৮ চনৰ ২০ ডিচেম্বৰ তাৰিখে মাৰ্কিন ঔপন্যাসিক জন ষ্টেইন বেকৰ মৃত্যু হৈছিল। ‘দা গ্ৰেপছ অব ৰেথ’ তেওঁৰ বিখ্যাত উপন্যাস। ১৯৬২ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭১ চনৰ আজিৰ দিনটোতে জুলফিকৰ আলী ভূট্টো পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
➡️১৯৭১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ ডঃ কুৰ্ট ৱালহাম ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান নিযুক্ত হৈছিল। ১৯৮১ চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭২ চনৰ ২০ ডিচেম্বৰ তাৰিখে কুৰি শতিকাৰ শেষ চন্দ্ৰ অভিযান এপল’-১৭ৰ সফল সামৰণি। অভিযানলৈ যোৱা কেউজন মহাকাশচাৰীৰ নিৰাপদে পৃথিৱীত অৱতৰণ।
➡️১৯৮৮ চনৰ এই দিনটোতে ৰণসিংঘা প্ৰেমদাসা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে টেষ্ট ক্ৰিকেটত ভাৰতীয় স্পিনাৰ অনিল কুম্বলেৰ ৩০০ উইকেট দখল।
➡️২০০৫ চনৰ এই দিনটোতে বিশিষ্ট সাহিত্যিক য়েছে দৰেজ ঠংচিলৈ তেওঁৰ ‘মৌন ওঁঠ মুখৰ হৃদয়’ উপন্যাস আৰু বড়ো সাহিত্যিক মংগল সিং হাজোৱাৰীলৈ ‘জিউনি মৌগথাং বিসম্বি আৰৌ সৰোজ’ৰ বাবে ২০০৫ চনৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.