আজি পবিত্ৰ ইষ্টাৰ

আজিৰ দিনটোত বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ স্মৃতিত ইষ্টাৰ উৎসৱ পালন কৰে

জিৰ দিনটোত বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ স্মৃতিত ইষ্টাৰ উৎসৱ পালন কৰে। অৰ্থাৎ লোকবিশ্বাস অনুসৰি এই দিনটোতে ভগৱান যীচু খ্ৰীষ্টই মৃত্যুৰ পৰা পুনৰ জাগ্ৰত হৈছিল । যাক এতিয়া বিশ্বজুৰি ইষ্টাৰ বুলি জনা যায় ।

এই উৎসৱটি এইবাৰ ৩১ মাৰ্চ দেওবাৰে পালন কৰা হৈছে।ইষ্টাৰ গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি পালন কৰে। ইষ্টাৰ দেওবাৰৰ তাৰিখ প্ৰতি বছৰে সলনি হয়।প্ৰতি বছৰে ইষ্টাৰৰ তাৰিখ উত্তৰ গোলাৰ্ধত বসন্তক আদৰি লোৱা বসন্ত বিষুৱৰেখাৰ পিছৰ প্ৰথম পূৰ্ণিমাৰ পিছৰ দেওবাৰে এই দিনটোৰ বন্ধ নিৰ্ধাৰণ কৰা হয়।

ইষ্টাৰ উপলক্ষ্যে গীৰ্জাঘৰত ভগৱান যীচুৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাই। এই বিশেষ উৎসৱে য়াতে আমাৰ সমাজত সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰে আৰু এই উৎসৱে মানুহক সমাজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। ইষ্টাৰো সকলোৰে জীৱনলৈ আশাৰ কিৰণ আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক৷

Leave A Reply

Your email address will not be published.