ভাষাতত্ত্ববিদ-সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকা আৰু নাই!

শনিবাৰে নিশা মহানগৰীৰ কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ভাষাবিদগৰাকীয়ে

বিশিষ্ট ভাষাবিদ, পণ্ডিত বিশ্বেশ্বৰ হাজৰিকা আৰু নাই । শনিবাৰে নিশা মহানগৰীৰ কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ভাষাবিদগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হাজৰিকা ।

তেখেতে ১৯৩৩চনৰ ৩১ জুলাইত গোলাঘাটৰ বাৰমুখীয়া গাঁৱত জন্মগ্রহণ কৰিছিল।বিশ্বেশ্বৰ হাজৰিকাই অসমৰ প্ৰসিদ্ধ সাহিত্যিক-পণ্ডিত ড০ বাণীকান্ত কাককিৰ গৱেষণামূলক গ্ৰন্থ Assamese: Its Formation & Development- অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। অনূদিত গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ।

ইয়াৰোপৰি বিশ্বেশ্বৰ হাজৰিকাৰ বহুমূলীয়া গ্রন্থৰাজি-অসমীয়া-বড়ো-ৰাভা ত্রিভাষিক অভিধান, Assamese Language origin and Development, Caitanya’s Impact on the Vaisnavism of Assam, অসমীয়া ভাষাৰ উৎ‍পত্তি আৰু ক্রমবিকাশ’, ‘চৰ্য্যাগীতিকোষ’ আদি।

ভাষাৰ প্ৰতি তেওঁ অত্যন্ত দায়িত্বশীল আছিল আৰু ওৰেটো জীৱন অসমীয়া ভাষা, সাহিত্যৰ বাবে নীৰৱে উৎসৰ্গা কৰিছিল। এইগৰাকী বিশিষ্ট ভাষাতত্ববিদ, পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি আৰু
সাহিত্য জগতত সাহিত্যাচাৰ্যগৰাকীৰ মৃত্যুয়ে গভীৰ শোকৰ ছাঁ পালাইছে।

You might also like
Leave A Reply

Your email address will not be published.