আজি ১ এপ্ৰিল

➡️আজি ইৰানৰ ৰাষ্ট্ৰীয় দিৱস।
➡️উৰিষ্যা দিৱস।
➡️এপ্ৰিল ফুল ডে’।
➡️১৫৭৮ চনত ইংৰাজ চিকিৎসা বিজ্ঞানী, ৰক্ত সঞ্চালক প্ৰক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম হাৰ্ভেৰ জন্মদিন।
➡️১৮১৫ চনত জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ জন্ম।
➡️১৮৬৯ চনত আঢ়ৈ কুটি টকাৰ বাজেট ঘাটি পুৰাবলৈ ভাৰতত প্ৰথমবাৰৰ বাবে আয়কৰৰ প্ৰচলন হয়।
➡️১৯১২ চনত ভাৰতৰ ৰাজধানী আনুষ্ঠানিকভাৱে কলকাতাৰ পৰা দিল্লীলৈ স্থনান্তৰ।
➡️১৯২৭ চনত সাহ্যিক যোগেশ দাসৰ জন্ম।
➡️১৯৩৫ চনত ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ কাম-কাজ আৰম্ভ হয।
➡️১৯৩৬ চনৰ ১ এপ্ৰিলত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ঁ তৰুণ গগৈৰ জন্মদিন। আনুষ্ঠানিক প্ৰমাণ-পত্ৰৰ হিচাপত তৰুণ গগৈৰ জন্ম ১৯৩৫ চনৰ ১ এপ্ৰিলত যদিও গগৈয়ে প্ৰকৃতে ১৯৩৫ চনৰ ১১ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল। সেয়েহে দীৰ্ঘদিন ধৰি তেওঁৰ দুয়োটা জন্মদিনেই পালন কৰি অহা হৈছে।
➡️১৯৩৭ চনত ব্ৰহ্মদেশ (ম্যানমাৰ) ভাৰতৰ পৰা পৃথক।
➡️১৯৩৭ চনত অসম লোকসভা আয়োগৰ প্ৰতিষ্ঠা।
➡️আজিৰ দিনটোতে ভাৰতত প্ৰাদেশিক স্বায়ত্তশাসনৰ সূচনা হয়। অধিকাংশ প্ৰদেশতেই কংগ্ৰেছৰ মন্ত্ৰীসভা গঠন হয়। ছৈয়দ মহম্মদ ছাদুল্লাৰ নেতৃত্বত মন্ত্ৰীসভা গঠন। ছৈয়দ মহম্মদ ছাদুল্লাই তিনিটা কাৰ্যকালৰ বাবে (১৯২৭-৩৮,১৯৩৯-৪১,১৯৪২-৪৬) মন্ত্ৰীসভা গঠন কৰিছিল।
➡️১৯৫৭ চনত ভাৰতত প্ৰথমবাৰৰ বাবে নয়া পইচাৰ প্ৰচলন হয়।
➡️১৯৬২ চনৰ আজিৰ দিনটোতে দেশজুৰি মেট্ৰিক পদ্ধতিৰ জোখ-মাখ ব্যৱস্থা আৰম্ভ হয়।
➡️১৯৬৯ চনত মুম্বাইৰ ওচৰৰ তৰাপুৰত ভাৰতৰ প্ৰথমটো নিউক্লিক শক্তিকেন্দ্ৰ মুকলি কৰা হয়।
➡️১৯৭৬ চনত ভাৰতৰ টেলিভিছন সেৱাৰ এক সুকীয়া নিগম গঠন। এই নিগমৰ নাম দুৰদৰ্শন।
➡️১৯৭৯ চনত পাকিস্তানত জুলফিকৰ আলী ভূট্টোৰ ফাঁচি।
➡️১৯৯৯-২০০০ বৰ্ষক ‘গ্ৰাম সভা বৰ্ষ’ ৰূপে ঘোষণা।
➡️২০০১ চনত ভাৰতীয় মূলৰ ভাৰত জগদেউ গিয়েনলৰ নৱনিযুক্ত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ।
➡️২০০৩ চনত দেশজুৰি মূল্য সংযোজিত কৰ বা ভেলু এডেড টেক্সৰ (ভেট) প্ৰচলন আৰম্ভ। দেশজুৰি ব্যৱসায়ী মহলৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ।

You might also like
Leave A Reply

Your email address will not be published.