আজি ১০ এপ্ৰিল

➡️১৭৫৫ চনৰ ১০ এপ্ৰিল তাৰিখে হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ জন্মদাতা জাৰ্মানীৰ ছেমুৱেল হেনিমেনৰ জন্ম হৈছিল।
➡️১৮৭৫ চনৰ এই দিনটোতে বোম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে।
➡️১৯৫৪ চনৰ ১০ এপ্ৰিল তাৰিখে বিশ্বত চলচ্চিত্ৰ শিল্পৰ অন্যতম প্ৰতিষ্ঠাতা ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ আগষ্ট লুমিয়েৰৰ মৃত্যু হৈছিল।
➡️১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ বহুমূখী উপগ্ৰহ ‘ইনছাট-১এ’ক আমেৰিকা যুক্তৰাজ্যৰ কেপ কাৰ্নাভাৰেলৰ পৰা সফলতাৰে উৎক্ষেপণ। ইয়াৰ আয়ুসকাল ৭ বছৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ ৫ মাহৰ ভিতৰতে ইনছাট-১এ বিকল হৈ পৰে।
➡️১৯৯৫ চনৰ ১০ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ মৃত্যু হৈছিল।
➡️২০০৩ চনৰ এই দিনটোতে ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ‘ইনছাট-৩এ’ৰ সফল উৎক্ষেপণ।।

You might also like
Leave A Reply

Your email address will not be published.