আজি ১০ মাৰ্চ

➡️১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে গুজৰাটৰ সৰৱমতী আশ্ৰমৰ কাষত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিল।
➡️১৯৩৫ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ মুক্তি লাভ। ছবিখনে এই দিনটোত কলকাতাত আৰু ২০ মাৰ্চত গুৱাহাটীত মুক্তি লাভ কৰিছিল। ছবিখনৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
➡️১৯৩৯ চনৰ এই দিনটোতে মধ্য প্ৰদেশৰ ত্ৰিপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে জাতীয় কংগ্ৰেছৰ ৫২ তম বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। এই অধিৱেশনত সভাপতিত্ব কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে।
➡️১৯৬৬ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ বিজ্ঞানী ফ্ৰিটছ জাৰনাইকৰ মৃত্যু হৈছিল। তেওঁ ১৯৫৩ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️২০০৫ চনৰ এই দিনটোতে ঝাৰখণ্ডৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শিবু ছোৰেণৰ পদত্যাগ।।

You might also like
Leave A Reply

Your email address will not be published.