NEPAত প্ৰশিক্ষকৰ ভুলৰ কৰুণ পৰিনতি!

মেঘালয়ৰ নৰ্থ ইষ্ট পুলিচ একাডেমীত ভয়ংকৰ ঘটনা। প্ৰশিক্ষণৰ মাজতে মৃত্যু এজন যুৱকৰ। সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থাকোতেই অকাল মৃত্যুক সাৱতি লয় যুৱকজনে। মৃত যুৱকজন কোকৰাঝাৰৰ মানেশ্বৰ পণ্ডিত। প্ৰশিক্ষকৰ ভুলৰ বাবেই যুৱকজনৰ মৃত্যুৰ অভিযোগ। লাইফ জেকেট পৰিধান নকৰোৱাকৈয়ে সাঁতুৰিবলৈ দিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। প্ৰশিক্ষণৰত আন যুৱকে চুইমিং পুলত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মানেশ্বৰ পণ্ডিতৰ মৃতদেহ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পুলিচ একাডেমীত প্ৰশিক্ষণৰত আন শিক্ষাৰ্থীসকলৰ মাজত।।

You might also like
Leave A Reply

Your email address will not be published.