মিজোৰামত পুনৰ উদ্ধাৰ বৃহৎ পৰিমানৰ হেৰ’ইন।

মিজোৰামত পুনৰ উদ্ধাৰ বৃহৎ পৰিমানৰ হেৰ’ইন। অসম ৰাইফলছৰ সেনাই মঙলবাৰে ইণ্ডো-ম্যানমাৰ সীমান্তৰ জোখাৱথাৰ গাঁৱত এক অভিযান চলায় উদ্ধাৰ কৰে ১.৩ কিলোগ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনৰ বজাৰ মূল্য প্ৰায় ৫.২৩ কোটি টকা। নিষিদ্ধ দ্ৰব্যখিনি ১০০ টা চাবোনৰ কেচত লুকুৱাই ৰখিছিল বুলি জানিবলৈ দিয়ে অসম ৰাইফলছৰ এজন বিষয়াই। ম্যানমাৰৰ পৰা চোৰাংকৈ নিষিদ্ধ হেৰ’ইনখিনি সৰবৰাহ কৰা বুলি সন্দেহ । ঘটনা সন্দৰ্ভত অসম ৰাইফলছৰ সেনাই আটক কৰে এটা সৰবৰাহকাৰীক। আনহাতে, জব্দকৃত হেৰ’ইনসহ অভিযুক্তক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে মিজোৰামৰ আবকাৰী আৰু নাৰ্ক’টিকচ বিভাগক হস্তান্তৰ কৰা হৈছে ।

You might also like
Leave A Reply

Your email address will not be published.