ভাৰত আৰু চীনৰ ১৫ সংখ্যক সামৰিক বৈঠক!

ভাৰত আৰু চীনৰ মাজত ১৫ সংখ্যক উচ্চ পৰ্যায়ৰ সামৰিক বৈঠক। শুকুৰবাৰে পূব লাডাখৰ অৱশিষ্ট সীমা সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ সামৰিক আলোচনা। লাডাখৰ চুচুল মোলডোত অনুষ্ঠিত হব উভয় পক্ষৰ এই গুৰুত্বপূৰ্ণ বৈঠক। অৱশ্যে এই বছৰৰ ১২ জানুৱাৰীত অনুষ্ঠিত হোৱা ১৪ সংখ্যক বৈঠকত কোনো সফলতা পোৱা নাছিল যদিও পৰৱৰ্তী ৰাউণ্ডত অনুষ্ঠিত হবলগীয়া বৈঠকত ২২ মাহৰ অচলাৱস্থাৰ সমাপ্তি ঘটিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, এতিয়ালৈকে হোৱা আলোচনাৰ ফলস্বৰূপে নিষ্পত্তি হৈছে পাংগং টছ’ৰ উত্তৰ আৰু দক্ষিণ পাৰ , গালৱান আৰু গোগ্ৰা হট স্প্ৰিং অঞ্চলৰ বিবাদ ।

উল্লেখযোগ্য যে, ২০২০ চনৰ ৫ মে’ত পাংগং হ্ৰদ অঞ্চলত এক হিংসাত্মক সংঘৰ্ষৰ ফলত ভাৰত আৰু চীনা সৈন্য বাহিনীৰ মাজত অচলাৱস্থাৰ সূত্ৰপাত হৈছিল পূব লাডাখ সীমান্তত ।

You might also like
Leave A Reply

Your email address will not be published.