আজি ১১ জুলাই

➡️ আজি বিশ্ব জনসংখ্যা দিৱস।

➡️ আজি মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

➡️১২৭৪ চনৰ ১১ জুলাইত স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰুছৰ জন্ম হৈছিল।

➡️ ১৬৫৭ চনৰ আজিৰ দিনটোতেই প্ৰুছিয়াৰ ৰজা ফ্ৰেডৰিক দি গ্ৰেটৰ জন্ম হৈছিল।

➡️ সতীদাহ প্ৰথা বিলোপৰ বিৰোধিতা কৰি ভাৰতৰ এচাম গোড়া হিন্দুৱে কৰা আবেদন ব্ৰিটিছ সংসদে নামঞ্জুৰ কৰিছিল ১৮৩২ চনৰ ১১ জুলাইত ।

➡️ ১৯১৬ চনৰ ১১ জুলাইত প্ৰখ্যাত ৰুছ বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইলোভিছ প্ৰখোৰভাৰ অষ্ট্ৰেলিয়াত জন্ম হৈছিল। ১৯৬৪ চনত তেওঁ লাভ কৰিছিল পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা।

➡️ ১৯৭৪ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ মৃত্যু হৈছিল। ১৯৫১ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ ন’বেল বঁটা।

➡️ পশ্চিম জাৰ্মানীক ৩-১ গ’লত পৰাস্ত কৰি ইটালী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন হৈছিল ১৯৮২ চনৰ ১১ জুলাইত।

➡️ ১৯৭৯ চনৰ আজিৰ দিনটোতেই মাৰ্কিন মহাকাশযান ‘স্কাইলেব’ ভূ-পতিত হৈছিল।

➡️ প্ৰখ্যাত ব্ৰিটিছ অভিনেতা লৰেন্স অলিভিয়াৰৰ মৃত্যু হৈছিল ১৯৮৯ চনৰ ১১ জুলাইত।

➡️ ১৯৯১ চনৰ ১১ জুলাইত মক্কাৰ পৰা হজ কৰি ওভতাৰ পথত নাইজেৰিয়াৰ ২৫০ জন হজযাত্ৰী আৰু ১৪ জন বিমান কৰ্মীৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।

➡ ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হৈছিল ২০০৩ চনৰ আজিৰ দিনটোতেই।

➡️ ২০০৩ চনৰ ১১ জুলাইত বিশিষ্ট লেখক ভীস্ম সাহনীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.