আজি ১১ ফেব্ৰুৱাৰী

➡️আজিৰ দিনটো ইৰাণৰ ইছলামিক বিপ্লৱ বিজয়ী দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৪৭ চনৰ আজিৰ দিনটোতে মাৰ্কিন বিজ্ঞানী তথা আবিষ্কাৰক টমাছ আলভা এডিছনৰ জন্ম হৈছিল।
➡️১৯২৯ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে পৃথিৱীৰ ক্ষুদ্ৰতম সাৰ্বভৌম ৰাষ্ট্ৰ ভেটিকান চিটী গঠন হৈছিল।
➡️১৯৩৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক নগেন শইকীয়াৰ জন্ম হৈছিল।
➡️১৯৪২ চনৰ এই দিনটোতে স্বাধীনতা সমগ্ৰামী তথা বাজাজ গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক যমুনালাল বাজাজৰ মৃত্যু হৈছিল।
➡️১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে গোপীনাথ বৰদলৈৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী(তেতিয়াৰ প্ৰধানমন্ত্ৰী)ৰূপে কাৰ্যভাৰ গ্ৰহণ। বৰদলৈয়ে ১৯৫০ চনৰ ৬ আগষ্টলৈকে মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত অসম গৌৰৱ ফকৰুদ্দিন আলী আহমেদৰ মৃত্যু হৈছিল।
➡️১৯৯০ চনৰ এই দিনটোতে বিশ্বৰ বিভিন্ন দেশ আৰু সংগঠনৰ প্ৰবল হেঁচাৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ ২৭ বছৰ কাৰাবাসৰ অন্তত নেলছন মাণ্ডেলাৰ মুক্তিলাভ।
➡️২০০৩ চনৰ আজিৰ দিনটোতে নিষিদ্ধ মাদকদ্ৰব্য ব্যৱহাৰৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট তাৰকা শ্বেন ৱাৰ্নক বিশ্বকাপৰ পৰা বহিস্কাৰ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.