আজি ১২ এপ্ৰিল

➡️১৬২১ চনৰ আজিৰ দিনটোতে নৱম শিখ গুৰু টেগ বাহাদুৰৰ জন্ম হৈছিল।
➡️১৯০৯ চনৰ ১২ এপ্ৰিল তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ জন্ম হৈছিল।
➡️১৯৩৬ চনৰ এই দিনটোতে লক্ষ্ণৌত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। এই অধিৱেশনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰুৱে।
➡️১৯৪৫ চনৰ ১২ এপ্ৰিল তাৰিখে মাৰ্কিন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টৰ মৃত্যু হৈছিল।
➡️১৯৬১ চনৰ আজিৰ দিনটোতে ভস্তক’ নামৰ মহাকাশযানেৰে ইউৰি গাগাৰিনৰ মহাকাশ যাত্ৰা আৰম্ভ হৈছিল। গাগাৰিনেই মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি।
➡️২০০৫ চনৰ এই দিনটোতে ইণ্ডোনেছিয়াত যাত্ৰীবাহী বিমান ভূপতিত হৈ শতাধিক যাত্ৰীৰ মৃত্যু হৈছিল।
➡️২০০৬ চনৰ ১২ এপ্ৰিল তাৰিখে কানাড়া চলচ্চিত্ৰ অভিনেতা ৰাজ কুমাৰৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.