আজি ১৩ মাৰ্চ

➡️১৭৩৩ চনৰ ১৩ মাৰ্চ তাৰিখে ইংৰাজ ৰসায়নবিদ যোছেফ প্ৰিষ্টলীৰ জন্ম হৈছিল।
➡️১৮৫৫ চনৰ আজিৰ দিনটোতে প্লুটো গ্ৰহৰ অৱস্থিতিৰ সম্ভেদ দিয়া মাৰ্কিন জ্যোতিৰ্বিজ্ঞানী পাৰ্চিভেল ল’ৱেলৰ জন্ম হৈছিল।
➡️১৯৩০ চনৰ এই দিনটোতে সৌৰজগতৰ গ্ৰহ প্লুটোৰ আৱিষ্কাৰ হৈছিল। ২০০৬ চনৰ ২৪ আগষ্টৰ পৰা প্লুটোক পূৰ্ণ গ্ৰহ নহয়, বামন গ্ৰহ ৰূপেহে স্বীকৃতি দিয়া হয়।
➡️১৯৬৩ চনৰ ১৩ মাৰ্চ তাৰিখে প্ৰথমবাৰৰ বাবে অৰ্জুন বঁটা ঘোষণা কৰা হৈছিল। প্ৰথম বছৰৰ বঁটা ১৯৬২ চনত ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সকললৈ আগবঢ়োৱা হৈছিল।
➡️১৯৭৫ চনৰ আজিৰ দিনটোতে যুগোশ্লাভিয়াৰ প্ৰখ্যাত সাহিত্যিক ইভো এন্ড্ৰিকৰ মৃত্যু হৈছিল । তেওঁ ১৯৬১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯১ চনৰ এই দিনটোতে নৱম লোকসভা ভংগ কৰা হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে বিশ্বৰ জনপ্ৰিয় কমিক ষ্ট্ৰিপ ‘ফেন্টম’ আৰু ‘মেনড্ৰেক’ৰ স্ৰষ্টা লি ফকৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ ১৩ মাৰ্চ তাৰিখে অস্ত্ৰ ক্ৰয় কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বিজেপিৰ সভাপতি পদৰ পৰা বাংগাৰু লক্ষ্মণৰ পদত্যাগ।
➡️২০০৪ চনৰ আজিৰ দিনটোতে নিৰুপমা বৰগোহাঞিক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.