আজি ১৪ জানুৱাৰী

➡️১৫৫১ চনৰ ১৪ জানুৱাৰী তাৰিখে মোগল যুগৰ প্ৰখ্যাত ইতিহাসবিদ তথা পণ্ডিত আৰু আকবৰৰ মন্ত্ৰী আবুল ফজলৰ জন্ম হৈছিল। ‘আকবৰনামা তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৭৬১ চনৰ আজিৰ দিনটোতে মাৰাঠা আৰু আফগানিস্তানৰ শাসক আহমদ শ্বাহ ডুৰানীৰ মাজত পাণীপথৰ তৃতীয় যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত মাৰাঠা বাহিনী পৰাস্ত হয়।
➡️১৮৯১ চনৰ এই দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ডি বি দেওধৰৰ জন্ম হৈছিল।
➡️১৮৯৮ চনৰ ১৪ জানুৱাৰী তাৰিখে ইংৰাজ শিশু সাহিত্যিক লুই কেৰলৰ (প্ৰকৃত নাম চাৰ্লছ লুটউইজ ডজছন) মৃত্যু হৈছিল। ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ তেওঁৰ এখন গ্ৰন্থ।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে অসমৰ খ্যাতনামা সাহিত্যিক চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।
➡️১৯৮০ চনৰ আজিৰ দিনটোতে ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে বিজ্ঞানী ষ্টিফেন হকিঙৰ ভাৰত আগমন।
➡️২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৩৭ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে কে জি বালকৃষ্ণণৰ শপত গ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেৱেঁই দলিত সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।।

You might also like
Leave A Reply

Your email address will not be published.