আজি ১৪ ফেব্ৰুৱাৰী

▶️আজি ভেলেন্টাইন ডে’।
▶️১৪৭৩ চনৰ আজিৰ দিনটোতেই পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, আধুনিক জ্যোতিৰ্বিজ্ঞানৰ প্ৰতিষ্ঠাপক নিকোলাছ কপাৰ্নিকাচৰ জন্ম হৈছিল।
▶️১৫৫৬ চনৰ এই দিনটোতেই ১৩ বছৰ ৪ মাহ বয়সতে আকবৰৰ মোগল ৰাজপাটত আৰোহণ।
▶️১৭৬৬ চনৰ এই দিনটোতেই ইংৰাজ অৰ্থনীতিবিদ টমাছ ৰবাৰ্ট মালথাছৰ জন্ম হৈছিল।
▶️১৭৭৯ চনৰ আজিৰ দিনটোতেই ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ মৃত্যু হৈছিল।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই জাতিসংঘ প্ৰতিষ্ঠা।
▶️১৯৮০ চনৰ এই দিনটোতেই শিল্পী ৰূদ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ইম্ফলত পঞ্চম ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই নোৰা জোনছলৈ পুনৰ গ্ৰেমী সন্মান।
▶️২০০৫ চনৰ এই দিনটোতেই লেবাননৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰফিক হৰিৰিক হত্যা কৰা হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই মুখ্যমন্ত্ৰীৰ স্বনিয়োজনৰ এখন আঁচনি ‘কল্পতৰু’ৰ অধিনত ২ লাখ নিবনুৱাৰ সংস্থাপনাৰ্থে ১০৫ কোটি টকা ব্যয়ৰ লক্ষ্য লোৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.