উচ্চতম ন্যায়ালয়ত দুগৰাকী নতুন ন্যায়াধীশৰ শপত গ্ৰহণ!

নেচনেল ডেস্ক:

চ্চতম ন্যায়ালয়ত দুগৰাকী নতুন ন্যায়াধীশৰ শপত গ্ৰহণ। শপতবাক্য পাঠ কৰোৱালে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। নৱ নিযুক্ত ন্যায়াধীশ দুগৰাকী ন্যায়াধীশ ৰাজেশ বিন্দল আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ। উচ্চতম ন্যায়ালয়ৰ চৌহদত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান।

নৱনিযুক্ত দুই ন্যায়াধীশসহ সৰ্বোচ্চ ন্যায়ালয়ত মুঠ ন্যায়াধীশৰ সংখ্যা ৩৪ গৰাকীলৈ বৃদ্ধি পালে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি হোৱাৰ পূৰ্বে ন্যায়াধীশ বিন্দল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। আনহাতে ন্যায়াধীশ কুমাৰ আছিল গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।।

You might also like
Leave A Reply

Your email address will not be published.