আজি ১৫ অক্টোবৰ

▶️খ্ৰীষ্টপূৰ্ব ৭০ৰ এই দিনটোতেই ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম হৈছিল।
▶️১৫৪১ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ জন্ম হৈছিল।
▶️১৬০৬ চনৰ এই দিনটোতেই ইটালীৰ পদাৰ্থবিদ, বেৰোমিটাৰৰ আৱিষ্কাৰক ইভানজেলিষ্টা টৰিচেলিৰ জন্ম হৈছিল।
▶️১৮৭৪ চনৰ এই দিনটোতেই সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই মহিলা গুপ্তচৰ মাতাহাৰী ফৰাচী সেনাৰ গুলীত নিহত হৈছিল। নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,বিজ্ঞানী এ পি জে আব্দুল কালামৰ জন্ম হৈছিল।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই চীনৰ প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষণ।
▶️১৯৭৭ চনৰ এই দিনটোতেই কন্ঠশিল্পী,সুৰকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু ঘটিছিল।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ নতুন অৰ্থনৈতিক সংস্কাৰ নীতি পেৰেষ্ট্ৰইকা ঘোষণা।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত একাদশ কমনৱেলথ সন্মিলন আৰম্ভ হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই স্বেচ্ছাসেৱী সংগঠন ‘ডক্টৰছ উইডাউট ব’ডাৰ্ছ’লৈ শান্তিৰ নোবেল বঁটা।
▶️২০০০ চনৰ আজিৰ দিনটোতেই সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মহাকাশলৈ মানৱযাত্ৰী পঠিয়াই চীন বিশ্বৰ তৃতীয়খন মহাকাশযাত্ৰী পঠিওৱা দেশ হিচাপে পৰিগণিত।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক হেম বৰগোহাঞিৰ মৃত্যু।।

You might also like
Leave A Reply

Your email address will not be published.