আজি ১৫ মাৰ্চ

➡️আজি ইটালীৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১২০৬ চনৰ ১৫ মাৰ্চ তাৰিখে উত্তৰ ভাৰতত মুছলমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা মহম্মদ ঘোৰীৰ (প্ৰকৃত নাম চাহাবুদ্দিন) মৃত্যু হৈছিল।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯১৯ চনৰ এই দিনটোতে হায়দৰাবাদৰ প্ৰসিদ্ধ ওছমানিয়া বিশ্ববিদ্যালয় মুকলি কৰা হৈছিল।
➡️১৯৫০ চনৰ আজিৰ দিনটোতে বুৰঞ্জীবিদ, গৱেষক এডৱাৰ্ড গেইটৰ মৃত্যু হৈছিল । ‘এ হিষ্ট্ৰী অব আছাম’ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৯৭৮ চনৰ ১৫ মাৰ্চ তাৰিখে ঢোলৰ যাদুকৰ মঘাই ওজাৰ মৃত্যু হৈছিল।
➡️১৯৮৮ চনৰ এই দিনটোতে স্বাধীনতাৰ পাছত ভাৰতত প্ৰথম ‘ভাৰত বন্ধ’ হৈছিল। প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ পদত্যাগৰ দাবীত আঠটা ৰাজনৈতিক দলে এই বন্ধৰ আহ্বান দিছিল। অৱশ্যে বন্ধৰ বিশেষ প্ৰভাৱ নপৰিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বিজ্ঞান যাদুঘৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ মুকলি কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.