➡️১৮৮৬ চনৰ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল।
➡️১৯১০ চনৰ ১৬ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’ৰ প্ৰথম প্ৰকাশ পাইছিল। মূলতঃ এইখন গ্ৰন্থৰ ইংৰাজী অনুবাদৰ (Song Offerings) বাবে ১৯১৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ।
➡️১৯৪৬ চনৰ এই দিনটোতে কলকাতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত কবি অমূল্য বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৬৮ চনৰ আজিৰ দিনটোতে মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ১০ ছেপ্টম্বৰত সামৰণি পৰে।
➡️২০০৩ চনৰ ১৬ আগষ্টত উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, একনায়ক ইদি অমিনৰ মৃত্যু হৈছিল।
➡️১৮৬৭ চনৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ ‘ডাছ কেপিটেল’ৰ প্ৰথম খণ্ড প্ৰকাশ পাইছিল।
➡️১৯০৯ চনৰ এই দিনটোতে পঞ্জাবৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰাৰ ফাঁচি হৈছিল।
➡️১৮৪৫ চনৰ ১৬ আগষ্টত ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ জন্ম হৈছিল। ১৯০৮ চনত তেওঁ পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ তথা অৰ্থনীতিবিদ পি চিদাম্বৰমৰ জন্ম হৈছিল। ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰম ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰখনত সম্পাদন কৰা যথেষ্ট প্ৰভাৱশালী কাৰ্যৰ বাবে বিখ্যাত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৬ আগষ্ট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like