আজি ১৬ জুলাই

➡️ ৬২২ চনৰ ১৬ জুলাইত হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰিছিল । এই চনৰে পৰা মুছলমানসকলৰ ‘হিজৰি’ চন গণনা কৰা হৈছিল।

➡️ ১৮৮৮ চনৰ আজিৰ দিনটোতে পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী ফ্লিটজ জাৰনাইকৰ জন্ম হৈছিল।

➡️ স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ জন্ম হৈছিল ১৯০৯ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৪৫ চনৰ ১৬ জুলাইত পাৰমাণৱিক বোমাৰ প্ৰথম পৰীক্ষামূলক বিস্ফোৰণ কৰা হৈছিল।

➡️২০০৪ চনৰ ১০ জুলাইত আসাম ৰাইফল্‌ছৰ গুলীত মনোৰমা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মণিপুৰৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। প্ৰতিবাদৰ এক কাৰ্যসূচী হিচাপে আছাম ৰাইফল্‌ছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱভাৱে নগ্ন মহিলাৰ বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল আজিৰ দিনটোতে।।

You might also like
Leave A Reply

Your email address will not be published.