আজি ১৬ নৱেম্বৰ

▶️আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
▶️১৮৩৫ চনৰ আজিৰ দিনটোতেই ঝান্সীৰ ৰাণী লক্ষ্মীবাই(প্ৰকৃত নাম মণিকৰ্ণিকা)ৰ বাৰানসীত জন্ম হৈছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই বুৰঞ্জীবিদ আৰু সাহিত্যক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ এই দিনটোতেই ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হৈছিল।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই কোকৰাঝাৰৰ ওচৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠন হৈছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই পেলেষ্টাইন ৰাষ্ট্ৰক ভাৰতৰ পূৰ্ণ স্বীকৃতি।
▶️১৯৯০ চনৰ এই দিনটোতেই কেন্দ্ৰত চন্দ্ৰশেখৰৰ চৰকাৰ আস্থাৰ ভোটত জয়ী হৈছিল। সপক্ষে ২৮০ আৰু বিপক্ষে পৰিছিল ২১৪টা ভোট।
▶️১৯৯০ চনৰ এই দিনটোতেই বাংলাদেশৰ ঢাকাৰ সমীপৰ নাৰায়ণগঞ্জত অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰাপাট কল ‘আদাম জী পাটকল’ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈছিল।
▶️১৯৯২ চনত সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই মহাজাগতিক পৰিঘটনা,বিভিন্ন ঠাইত উল্কাবৃষ্টি।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসমত ১১ নৱেম্বৰত দিয়া পালছ ভিটামিন-এ সেৱনৰ ফলত বহু শিশু আক্ৰান্ত হোৱাৰ বিপৰীতে ১০ টিকৈ শিশুৰ মৃত্যু ঘটিছিল।
▶️২০০২ চনৰ এই দিনটোতেই পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ পুনৰ দেশখনৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.