আজি ১৭ এপ্ৰিল

➡️আজিৰ দিনটো ছিৰিয়াৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব হেমোফিলিয়া দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৯০ চনৰ ১৭ এপ্ৰিল তাৰিখে মাৰ্কিন বিজ্ঞানী, ৰাজনীতিবিদ বেঞ্জামিন ফ্ৰেংকলিনৰ মৃত্যু হৈছিল।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে বিশ্বশান্তিৰ হকে ইণ্ডোনেছিয়াৰ বাণ্ডুঙত এছিয়া আৰু আফ্ৰিকাৰ স্বাধীন দেশসমূহৰ মাজত ঐতিহাসিক বাণ্ডুং সন্মিলন হৈছিল। জৱাহৰলাল নেহৰুৰ পঞ্চশীল নীতিৰ আধাৰত এই সন্মিলনেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ বাট মুকলি কৰে।
➡️১৯৬৮ চনৰ এই দিনটোতে বি কে (ব্ৰজকুমাৰ) নেহৰু অসমৰ ৰাজ্যপাল হৈছিল। ১৯৭০ চনৰ ৭ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৫ চনৰ আজিৰ দিনটোতে ভাষাতাত্ত্বিক-সাহিত্যাচাৰ্য গোলকচন্দ্ৰ গোস্বামীক ২০০১ চনৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.