আজি ১৭ নৱেম্বৰ

▶️আজি অসম ক্ৰীড়া দিৱস।
▶️১৬০৫ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ মৃত্যু ঘটিছিল।
▶️১৮১৭ চনৰ আজিৰ দিনটোতেই ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হৈছিল। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েন্টেল কলেজ স্থাপন কৰিছিল। এইখন কলেজেই পৰৱৰ্তীকালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হয়।
▶️১৮৩১ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেৰ ডাইনামো আৱিষ্কাৰ।
▶️১৯০০ চনৰ আজিৰ দিনটোতেই ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই ভাৰতত খিলাফৎ দিৱস উদযাপন।
▶️১৯২০ চনৰ এই দিনটোতেই ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠা।
▶️১৯৩৭ চনৰ আজিৰ দিনটোতেই মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ।
▶️১৯৭০ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম হৈছিল।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল বঁটা।
▶️১৯৮৯ চনৰ এই দিনটোতেই শিল্পী যুগল দাসৰ দেহাৱসান।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই মালয়েছিয়াৰ কুৱালালামপুৰত কমনৱেলথ দেশসমূহৰ শীৰ্ষ সন্মিলন আৰম্ভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই শ্ৰীহৰিকোটাৰ পৰা পি এছ এল ভি-৫ৰ উৎক্ষেপণ।
▶️২০০১ চনৰ এই দিনটোতেই দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ’নিয়েৰ খেলত নিষেধাজ্ঞা।।

 

You might also like
Leave A Reply

Your email address will not be published.