আজি ১৮ আগষ্ট

➡️১৮০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । ১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হৈছিল ।
➡️১৮৬৪ চনৰ ১৮ আগষ্টত সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা কৰা হৈছিল । প্ৰতিষ্ঠাতা আছিল হেন্‌ৰী ডুনাণ্ট।
➡️ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা তথা প্ৰথম ভাৰতীয় সভাপতি বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল ১৯০০ চনৰ আজিৰ দিনটোতে।
➡️১৯৪৫ চনৰ এই দিনটোতে ফৰমোছা দ্বীপৰ কাষত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি ২২ আগষ্টত টকিঅ’ৰ ৰেডিঅ’ত ঘোষণা কৰা হৈছিল ।
➡️১৯৫১ চনৰ ১৮ আগষ্টত খড়গপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ টেকনলজী মুকলি কৰা হৈছিল ।
➡️লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হৈছিল ২০০০ চনৰ ১৮ আগষ্টত।
➡️২০০২ চনৰ ১৮ আগষ্টত ২০০১ চনৰ ১১ ছেপ্তেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ওছামা বিন লাডেন আৰু তেওঁৰ সংগঠন আল-কাইদাক আৰ্থিক সাহায্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ছৌদি ৰাজপৰিয়াল আৰু সাতটা বেংকৰ বিৰুদ্ধে সেই ঘটনাত নিহত পৰিয়ালৰ সদস্যই গোচৰ ৰুজু কৰিছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে এথেন্স অলিম্পিকৰ শ্বুটিঙত ভাৰতৰ ৰজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপৰ পদক লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.