আজি ১৮ এপ্ৰিল

▶️আজি জিম্বাবৱেৰ স্বাধীনতা দিৱস।
▶️আজি বিশ্ব ঐতিহ্য দিৱস।
▶️১৬১২ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট জাহাংগীৰৰ পত্নী নুৰজাহানৰ ভতিজী আৰ্জুমণ্ড ভানু বেগমৰ (পিছলৈ মমতাজ মহল) লগত শ্বাহজাহানৰ বিৱাহ।
▶️১৮৫৯ চনৰ এই দিনটোতেই চিপাহী বিদ্ৰোহৰ নেতা তান্তিয়া টোপীৰ (সম্পূৰ্ণ নাম ৰামচন্দ্ৰ ৰঘুনাথ টোপী) ফাঁচি।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই দুজন ইংৰাজ বিষয়া চাৰ্লছ ৰেণ্ড আৰু আৱাৰেষ্টক গুলীয়াই হত্যা কৰাৰ অভিযোগত ভাৰতীয় বিপ্লৱী দামোদৰ হৰি চাপেকাৰক ফাঁচি।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই আচাৰ্য্য বিনোৱা ভাৱেৰ ‘ভূ-দান আন্দোলন’ আৰম্ভ।
▶️১৯৫৫ চনৰ এই দিনটোতেই বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ আমেৰিকাৰ নিউ জাৰ্ছিত মৃত্যু হৈছিল। আইনষ্টাইনৰ মৃত্যুৰ ৫০ বছৰ পিছত তেওঁৰ দ্বাৰা আৱিস্কৃত আপেক্ষিকতাবাদৰ তত্ত্বৰ শতবৰ্ষ উৎসৱ পালন কৰা হৈছিল সমগ্ৰ বিশ্বতে।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম জাম্বো জেট বিমান ব’য়িং -৭৪৭ সম্ৰাট অশোকৰ মুম্বাইত অৱতৰণ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্য ৰূপে কেৰালাক স্বীকৃতি প্ৰদান।
▶️২০০২ চনৰ আজিৰ দিনটোতেই নৰৱেৰ অভিযাত্ৰী থৰ হেয়াৰডেলৰ মৃত্যু ঘটিছিল। কলগছৰ ভূৰেৰে চলোৱা কনটিকি অভিযানৰ বাবে সমগ্ৰ বিশ্বতে তেওঁ পৰিচিতি লাভ কৰিছিল।
▶️২০০২ চনৰ এই দিনটোতেই সুদীৰ্ঘ ৩০ বছৰৰ মূৰত ইটালীৰ পৰা আফগানিস্তানৰ ৰজা জাহিৰ শ্বাহৰ নিজ দেশলৈ প্ৰত্যাৱৰ্তন।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত অশোক সেন আৰু হীৰেন গোহাঁইক ১৯৯৯ চনৰ কমল কুমাৰী বঁটা প্ৰদান।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ডঃ নগেন শইকীয়াৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ৰ পুনৰ প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.