আজি ১৮ জানুৱাৰী

➡️১৬৭৮ চনৰ ১৮ জানুৱাৰী তাৰিখে ইংৰাজী সাহিত্যিক জন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ ‘দি পিলগ্ৰিমছ প্ৰগ্ৰেছ’ৰ প্ৰথম খণ্ড প্ৰকাশ পাইছিল। ইয়াৰ অসমীয়া অনুবাদ ‘যাত্ৰিকৰ যাত্ৰা’ ১৮৫১ চনত ‘অৰুণোদয়’ত ধাৰাবাহিক ভাবে প্ৰকাশ হয়।
➡️১৯২১ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ প্ৰথম অসম আগমন।
➡️১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ ইংৰাজ সাহিত্যিক ৰুডয়াৰ্ড কিপলিঙৰ মৃত্যু হৈছিল। ‘দা জাংগল বুক’ তেওঁৰ জনপ্ৰিয় আৰু প্ৰখ্যাত গ্ৰন্থ। ১৯০৭ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
➡️১৯৪০ চনৰ এই দিনটোতে সাহিত্যিক, বিৰঞ্জীবিদ কনকলাল বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৪৭ চনৰ ১৮ জানুৱাৰী তাৰিখে প্ৰসিদ্ধ কন্ঠশিল্পী কুন্দনলাল ছাইগলৰ মৃত্যু হৈছিল।
➡️১৯৫৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৬৩ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যতে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ইংৰাজী বিষয়ৰ পাঠদান আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.