আজি ১৮ জুন

➡️আজিৰ দিনটো বিশ্ব বনভোজ দিৱস হিচাপে পালন কৰা হয়।
➡️১০৩৭ চনৰ এই দিনটোতে পাৰস্যৰ চিকিৎসক ইবন ছিনাৰ মৃত্যু হৈছিল। ‘কেনন অব মেডিচিন’ তেওঁৰ প্ৰসিদ্ধ সৃষ্টি। ইউৰোপত ইবন ছিনা ‘এভিচীনা’ নামেৰে পৰিচিত।
➡️১৫৭৬ চনৰ ১৮ জুন তাৰিখে মোগলৰ বিৰুদ্ধে হলদিঘাটত ৰাজপুতৰ প্ৰচণ্ড যুদ্ধ। ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহৰ পৰাজয়।
➡️১৮১৫ চনৰ আজিৰ দিনটোতে বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত আৰু বন্দী।
➡️১৮৫৮ চনৰ এই দিনটোতে চিপাহী বিদ্ৰোহত ইংৰাজৰ সৈতে হোৱা সংঘৰ্ষত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ মৃত্যু হৈছিল।
➡️১৯৩৬ চনৰ ১৮ জুন তাৰিখে ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যু হৈছিল।
➡️১৯৪৬ চনৰ আজিৰ দিনটোতে গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হৈছিল।
➡️১৯৫৬ চনৰ এই দিনটোতে হিন্দু উত্তৰাধীকাৰী আইন গৃহীত হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী নাছিম বানুৰ (অভিনেত্ৰী চায়েৰা বানুৰ মাতৃ) ৮১ বছৰ বয়সত মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.