আজি ১৮ মাৰ্চ

➡️আজিৰ দিনটো বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৫৮ চনৰ ১৮ মাৰ্চ তাৰিখে ডিজেল ইঞ্জিনৰ উদ্ভাৱক জাৰ্মান প্ৰযুক্তিবিদ ৰুডলফ ডিজেলৰ জন্ম হৈছিল।
➡️১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতত পঞ্চম লোকপিয়লৰ তথ্য ঘোষণা কৰা হৈছিল। এই তথ্য অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা আছিল ৩১ কোটি ৫১ লাখ ৫৬ হাজাৰ ৩৯৬।
➡️১৯১২ চনৰ ১৮ মাৰ্চ তাৰিখে প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ জন্ম হৈছিল। ‘চাহেব বিবি গোলাম’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
➡️১৯১৯ চনৰ এই দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলন দমনৰ অৰ্থে ইংৰাজে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল।
➡️১৯৪৪ চনৰ আজিৰ দিনটোতে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজে ব্ৰহ্মদেশ (ম্যানমাৰ) সীমান্ত অতিক্ৰমি ভাৰতত প্ৰৱেশ কৰিছিল।
➡️১৯৬১ চনৰ ১৮ মাৰ্চ তাৰিখে যোৰহাটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু প্ৰধান আঞ্চলিক গৱেষণাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
➡️১৯৭২ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত প্ৰথম বিশ্ব গ্ৰন্থমেলা আৰম্ভ কৰিছিল।
➡️১৯৭৪ চনৰ এই দিনটোতে কবি, সাহিত্যিক, শিল্পী মহেন্দ্ৰনাথ ডেকাফুকনৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে দূৰদৰ্শনৰ ক্ৰীড়া চেনেল ‘ডি ডি স্প’ৰ্টছ’ উদ্বোধন কৰা হৈছিল।
➡️২০০২ চনৰ ১৮ মাৰ্চ তাৰিখে লোকসভাত বিতৰ্কিত সন্ত্ৰাসবাদ বিৰোধী অধ্যাদেশ প’টা (POTA) গৃহীত কৰা হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে কল্পবিজ্ঞান কাহিনীৰ প্ৰসিদ্ধ লেখক আন্ড্ৰে নৰ্তনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.