আজি ১৯ অক্টোবৰ

▶️১২১৯ চনৰ এই দিনটোতেই ইংলেণ্ডৰ ৰজা জন (John)ৰ মৃত্যু।মাত্ৰ ৯ বছৰ বয়সতে তৃতীয় হেনৰী ইংলেণ্ডৰ ৰজা ৰূপে অভিষিক্ত।
▶️১৭৪৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ ব্যংগ সাহিত্যিক জনাথন ছুইফটৰ মৃত্যু।’গালিভাৰ্ছ ট্ৰেভেলছ’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
▶️১৮১৩ চনৰ আজিৰ দিনটোতেই লিপজিগ যুদ্ধত ৰাছিয়া,প্ৰুছিয়া আৰু অষ্ট্ৰিয়াৰ সন্মিলিত শক্তিৰ হাতত নেপোলিয়নৰ পৰাজয়।তেওঁক এলবা দ্বীপলৈ নিৰ্বাসন।পিছত এই দ্বীপৰ পৰা নেপোলিয়ন পলাবলৈ সক্ষম হয় আৰু পুনৰ ফ্ৰান্সৰ শাসনভাৰ গ্ৰহণ কৰে।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই ডিগবৈত ভাৰত আৰু এছিয়াৰ সৰ্বপ্ৰথম ব্যৱসায়ভিত্তিক খাৰুৱা তেলৰ উৎপাদন আৰম্ভ হৈছিল ।
▶️১৯৩৭ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ মৃত্যু।
▶️১৯৭৫ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্য্যভট্টৰ ২,৭৪০ বাৰ পৃথিৱী ভ্ৰমণ সম্পূৰ্ণ কৰি ৪,৩০০ ঘন্টা মহাকাশত কটাই প্ৰায় ৮০ শতাংশ কাম সূচাৰুৰূপে পালন।
▶️১৯৮৮ চনৰ এই দিনটোতেই বায়ুদূত বিমানৰ দুৰ্ঘটনাত গুৱাহাটীত ৩৪ গৰাকী লোকৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই উত্তৰ ভাৰতত প্ৰবল ভূমিকম্পত প্ৰায় ২ হেজাৰ লোকৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন স্থলসেনাৰ আফগানিস্তান আক্ৰমণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মাদাৰ টেৰেছাক মৰনোত্তৰভাৱে ৰোমান কেথলিকৰ অন্যতম শীৰ্ষস্থানীয় ধৰ্মীয় মৰ্যাদা স্বৰ্গলাভৰ মুখপ্ৰাপ্তি (বিয়েটিফিকেচন) প্ৰদান।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.