আজি ১৯ জুন

➡️১৬২৩ চনৰ আজিৰ দিনটোতে ফৰাচী গণিতজ্ঞ, পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম হৈছিল।
➡️১৯৮১ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ পৰা সফলতাৰে উৎক্ষেপণ হৈছিল। ৬৭০ কিলোগ্ৰাম ওজনৰ এই যোগাযোগ উপগ্ৰহ উৎক্ষেপণেৰে যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰতে পঞ্চম স্থান লাভ কৰিছিল।
➡️১৯৪৭ চনৰ এই দিনটোতে ভাৰত-জাত ইংৰাজ লেখক ছলমান ৰুশ্বদীৰ মুম্বাইত জন্ম হৈছিল।
➡️১৯৫৩ চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মাৰ্কিন দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হৈছিল। স্বাধীন আমেৰিকাত মৃত্যুদণ্ড দিয়া এওঁলোকেই প্ৰথম মাৰ্কিন নাগৰিক।।

 

You might also like
Leave A Reply

Your email address will not be published.