আজি ২০ অক্টোবৰ

▶️আজি ৰাষ্ট্ৰীয় একতা দিৱস।
▶️১৫৬৮ চনৰ এই দিনটোতেই আকবৰৰ চিতোৰগড় দূৰ্গ আক্ৰমণ।
▶️১৭৭৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাজধানী ঘোষিত হৈছিল কলকাতা।
▶️১৮৮৭ চনৰ এই দিনটোতেই বিশিষ্ট সাহিত্যিক তথা আমেৰিকান কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাতা জন ৰীডৰ জন্ম হৈছিল। ‘পৃথিৱী কঁপোৱা দহ দিন (Ten Days that Shook the World)’ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই চীনৰ ভাৰত আক্ৰমণ। চীনা সৈন্যই অৰুণাচল আক্ৰমণ কৰি টাৱাং, ডেং, ব’মডিলা আদি অধিকাৰ কৰে আৰু ক্ৰমাৎ অসমলৈ অগ্ৰসৰ হয়।ভাৰতৰ পক্ষে এই আক্ৰমণ প্ৰতিহত কৰা অসম্ভৱ হৈ পৰে।পিছে ২১ নৱেম্বৰত চীনে যুদ্ধবিৰতি ঘোষণা কৰে আৰু চীনা সৈন্য উভতি যায়।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সিং সেৱাগৰ জন্ম হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই উত্তৰ কাঁশীত প্ৰবল ভূমিকম্পত সহস্ৰাধিক লোকৰ মৃত্যু।প্ৰায় ৩০০ কোটি টকাৰ ক্ষতি। বহু প্ৰাচীন ঐতিহাসিক স্মৃতিচিহ্নৰ বিস্তৰ ক্ষতিসাধন।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশত ভয়াবহ বানত ৩০০ গাঁও জলমগ্ন। দুই শতাধিক লোকৰ প্ৰাণহানি।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মেগাৱতী সুকৰ্ণপুত্ৰী পৰাজিত। নতুন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল আবদুৰ ৰহমান ৱাহিদ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ত্ৰয়োদশ লোকসভাৰ প্ৰথম অধিবেশন আৰম্ভ হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলা ড্ৰ।
▶️২০০৪ চনৰ এই দিনটোতেই এলান ইলিংহাষ্টক বুকাৰ বঁটা প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.