আজি ২০ জানুৱাৰী

সুপ্ৰভাত

➡️১৭৭৫ চনৰ ২০ জানুৱাৰী তাৰিখে ফৰাচী পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ আন্ড্ৰেমেৰী এম্পিয়েৰৰ জন্ম হৈছিল।
➡️১৮৭৯ চনৰ আজিৰ দিনটোতে বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল।
➡️১৯২০ চনৰ এই দিনটোতে ইটালীৰ চলচ্চিত্ৰ পৰিচালক ফেডেৰিকো ফেলিনিৰ জন্ম হৈছিল।
➡️১৯২৬ চনৰ ২০ জানুৱাৰী তাৰিখে কবি-গীতিকাৰ কেশৱ মহন্তৰ জন্ম হৈছিল।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ ‘অপ্সৰা’ মুকলি হৈছিল।
➡️১৯৬৫ চনৰ এই দিনটোতে দেউৰী সাহিত্য সভা (দেউৰী চ্চু-চ্চেবা চ্চোংচ্চা) গঠন হৈছিল।
➡️১৯৭২ চনৰ ২০ জানুৱাৰী তাৰিখে মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছিল।
➡️১৯৭৮ চনৰ আজিৰ দিনটোতে বাগ্নীবৰ নীলমণি ফুকনৰ মৃত্যু হৈছিল।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে কবি-নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ মৃত্যু হৈছিল।
➡️১৯৮৮ চনৰ ২০ জানুৱাৰী তাৰিখে গান্ধীবাদী নেতা খান আব্দুল গফৰ খানৰ মৃত্যু হৈছিল।
➡️১৯৯৮ চনৰ এই দিনটোতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘অদাহ্য’ই এছিয়াৰ পৰিচালকৰ প্ৰতিযোগিতামূলক শাখাত জুৰীৰ বিশেষ বঁটা লাভ কৰিছিল। ছবিখনৰ পৰিচালক ডাঃ সান্ত্বনা বৰদলৈ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে কানাড়া চিত্ৰনাট্যকাৰ, চিত্ৰ নিৰ্মাতা তথা অভিনেতা গিৰীশ কাৰনাডলৈ জ্ঞানপীঠ বঁটা ঘোষণা কৰা হৈছিল।
➡️২০০১ চনৰ ২০ জানুৱাৰীত জৰ্জ ডব্লিউ বুশ্বৰ আমেৰিকাৰ ৪৩ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.