➡️১৩২৭ চনৰ ২১ ছেপ্টেম্বৰত ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডক বন্দী কৰি হত্যা কৰা হৈছিল। তৃতীয় এডৱাৰ্ড ইংলেণ্ডৰ নতুন ৰজা হৈছিল ।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সৈন্যই দক্ষিণ ভাৰতৰ কালিকট দখল কৰিছিল।
➡️প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যু হৈছিল ১৮৩২ চনৰ ২১ ছেপ্টেম্বৰত।
➡️১৮৬০ চনৰ ২১ ছেপ্টেম্বৰত জাৰ্মান দাৰ্শনিক আৰ্থাৰ স্কোপেনহেয়াৰৰ মৃত্যু হৈছিল।
➡️১৮৬৬ চনৰ আজিৰ দিনটোতে ইংৰাজ সাহিত্যিক এইচ জি ৱেলছ(হাৰ্বাৰ্ট জৰ্জ ৱেলছ)ৰ জন্ম হৈছিল।
➡️চীনত গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল ১৯৪৯ চনৰ ২১ ছেপ্টেম্বৰত।লগতে ছিয়াং কাই শ্বেকৰ সেনা পৰাস্ত হৈছিল ।
➡️১৯৫০ চনৰ আজিৰ দিনটোতে নাছিকত দুদিনীয়াকৈ জাতীয় কংগ্ৰেছ ৫৬ সংখ্যক অধিৱেশন আৰম্ভ হৈছিল । সভাপতি আছিল পুৰুষোত্তম দাস টেণ্ডন।
➡️বিশিষ্ট শিল্পী, ব্যৱসায়ী ক্ষীৰদাকান্ত বিষয়াৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ ২১ ছেপ্টেম্বৰত।
➡️খ্ৰীষ্টপূৰ্ব ১৯ ৰ আজিৰ দিনটোতে ৰোমৰ প্ৰসিদ্ধ কবি তথা দাৰ্শনিক ভাৰ্জিলৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২১ ছেপ্টেম্বৰ
Next Post
You might also like