➡️আজিৰ দিনটো বছৰৰ আটাইতকৈ দীঘল দিন।
➡️এই দিনটো বিশ্ব সংগীত দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৫৬ চনৰ ২১ জুন তাৰিখে ব্ৰিটিছ সেনাৰ কমাণ্ডাৰ হলৱেলৰ ছিৰাজোদ্দৌলমল্লাৰ ওচৰত আত্মসমৰ্পণ। সেইদিনাই ৰাতি ১২৩ জন ব্ৰিটিছ যুদ্ধবন্দী অন্ধকূপত নিহত হয়।
➡️১৯০৫ চনৰ আজিৰ দিনটোতে ফৰাচী লেখক, দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেৰ জন্ম হৈছিল। ১৯৬৪ চনত ছাৰ্ত্ৰেলৈ নোবেল বঁটা আগবঢ়োৱা হৈছিল যদিও তেওঁ সেই বঁটা প্ৰত্যাখ্যান কৰে।
➡️১৯৯০ চনৰ এই দিনটোতে ইৰানত প্ৰবল ভূমিকম্পত প্ৰায় ৪০,০০০ লোকৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ ২১ জুন তাৰিখে শিক্ষাবিদ, প্ৰাক্তন সাংসদ পৰাগধৰ চলিহাৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে গুৱাহাটীত অনলাইন চাহ নিলাম আৰম্ভ কৰা হৈছিল।।