আজি ২১ জুলাই

➡️ আজি বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস। ১৮৩১ চনৰ আজিৰ দিনটোতে এখন সুকীয়া ৰাষ্ট্ৰ ৰূপে বেলজিয়ামৰ গঠন হৈছিল।

➡️ ১৬৫৮ চনৰ ২১ জুলাইত পিতৃ শ্বাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি অনানুষ্ঠানিকভাৱে ঔৰংগজেৱ দিল্লীৰ ৰাজপাটত বহিছিল।

➡️ ১৮৮৩ চনৰ ২১ জুলাইত কলকাতাত ভাৰতৰ প্ৰথম ৰাজহুৱা ৰংগমঞ্চ ‘ষ্টাৰ থিয়েটাৰ’ মুকলি কৰা হৈছিল।

➡️ ১৮৯৯ চনৰ ২১ জুলাইত আমেৰিকাৰ গল্পকাৰ,ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হৈছিল। ‘দি অ’ল্ড মেন এণ্ড দা ছী’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস। মুলতঃ এইখন উপন্যাসৰ বাবেই হেমিংৱেই লাভ কৰে ১৯৫৪ চনৰ সাহিত্যৰ ন’বেল বঁটা।

➡️ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল ১৯০৬ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৫৪ চনৰ ২১ জুলাইত পৰ্তুগীজৰ হাতৰ পৰা দাদৰা মুক্ত হৈছিল।

➡️ মহাকাশত মানুহৰ বিচৰণ সম্ভৱপৰ কৰি তোলাৰ অৰ্থে মাৰ্কিন মহাকাশযান ‘মাৰ্কাৰী লিবাৰ্টী বেল’ মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল ১৯৬১ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৬৩ চনৰ ২১ জুলাইত ১৯২১ চনত প্ৰতিষ্ঠা কৰা কাঁশী বিদ্যাপীঠক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল ।

➡️ আনিছেট্টী ৰঘুবীৰে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে। ১৯৯০ চনৰ ২ মে’লৈকে তেঁও ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ২০০১ চনৰ ২১ জুলাইত কাশ্মীৰত ১৫ গৰাকী অমৰনাথ যাত্ৰীক গুলীয়াই হত্যা কৰা হৈছিল ।

➡️ ২০০৩ চনৰ আজিৰ দিনটোৰ পৰাই সংসদৰ ৩৩ দিন জোৰা বৰ্ষাকালীন অধিবেশন আৰম্ভ হৈছিল ।

➡️ ২০০৭ চনৰ ২১ জুলাইত ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে প্ৰতিভা পাটিল নিৰ্বাচিত হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.