আজি ২২ এপ্ৰিল

➡️আজিৰ দিনটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়।
➡️১৩৭০ চনৰ এই দিনটোতে পেৰিছত প্ৰসিদ্ধ বাস্তিল দুৰ্গৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল।
➡️১৬৬২ চনৰ ২২ এপ্ৰিল তাৰিখে ইংলেণ্ডৰ প্ৰসিদ্ধ ৰয়েল ছচাইটী প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৭২৪ চনৰ আজিৰ দিনটোতে জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ জন্ম হৈছিল।
➡️১৮৭০ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ প্ৰধান হোতা তথা ছোভিয়েট যুক্তৰাষ্টৰ জন্মদাতা লেনিনৰ জন্ম হৈছিল।
➡️১৯০৪ চনৰ ২২ এপ্ৰিল তাৰিখে পাৰমাণৱিক বোমাৰ জনক, মাৰ্কিন পদাৰ্থ বিজ্ঞানী ৰবাৰ্ট অ’পেনহেইমাৰৰ জন্ম হৈছিল।
➡️১৯১৫ চনৰ আজিৰ দিনটোতে সাহিত্যিক আৰু ৰাজনীতিবিদ হেম বৰুৱাৰ জন্ম হৈছিল।
➡️১৯১৬ চনৰ ২২ এপ্ৰিল তাৰিখে কুৰি শতিকাৰ বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ আৰু অনবদ্য বেহেলাবাদক ইহুদী মেনুহিনৰ জন্ম হৈছিল।
➡️১৯৫৮ চনৰ এই দিনটোতে ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান হিচাপে এডমিৰেল আৰ ডি কাটাৰীৰ কাৰ্যভাৰ গ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেৱেঁই প্ৰথম ভাৰতীয়।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ধৰিত্ৰী দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা এই দিনটো ধৰিত্ৰী দিৱস ৰূপে পালন কৰি অহা হৈছে।
➡️ ১৯৭৭ চনৰ ২২ এপ্ৰিল তাৰিখে ছাইমন পেৰেৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী হৈছিল।
➡️১৯৯৬ চনৰ এই দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু হৈছিল। ডাঃ ভূমিধৰ বৰ্মনৰ অসমৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। সেই বছৰৰ ১৪ মে’লৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৫ চনৰ আজিৰ দিনটোতে নতুন বাণিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰৰ মাজত এফ্ৰো-এছিয়ান শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.