আজি ২২ ডিচেম্বৰ

➡️আজিৰ দিনটো বছৰৰ আটাইতকৈ চুটি দিন।
➡️১৮৮০ চনৰ ২২ ডিচেম্বৰ তাৰিখে ইংৰাজ মহিলা ঔপন্যাসিক জৰ্জ এলিয়টৰ মৃত্যু হৈছিল।
➡️১৮৮২ চনৰ আজিৰ দিনটোতে ইবছেনৰ প্ৰসিদ্ধ নাটক ‘এন এনিমী অব দা পিপল’ প্ৰকাশ পাইছিল।
➡️১৮৮৭ চনৰ ২২ ডিচেম্বৰ তাৰিখে প্ৰসিদ্ধ গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্ম হৈছিল।
➡️১৯০১ চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ বোলপুৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্ৰহ্মচৰ্যাশ্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰ হৈছিল। এই প্ৰতিষ্ঠানেই পিছলৈ বিশ্বভাৰতী বিশ্ববিদ্যালয় হৈ উঠে।
➡️১৯৮৯ চনৰ এই দিনটোতে আইৰিছ ঔপন্যাসিক তথা নাট্যকাৰ ছেমুৱেল বেকেটৰ মৃত্যু হৈছিল। ১৯৬৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ।
➡️১৯৯২ চনৰ ২২ ডিচেম্বৰ তাৰিখে পঞ্চায়তীৰাজ আৰু নগৰপালিকা আইন বলবৎ কৰা হৈছিল।
➡️১৯৯৫ চনৰ আজিৰ দিনটোতে হাৰিয়ানাৰ এখন স্কুলৰ বাৰ্ষিক অনুষ্ঠানত বিদ্যুতৰ বিজুতিৰ পৰিণতিত ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় চাৰিশ লোক নিহত হৈছিল। ইয়াৰে অধিকাংশই শিশু আছিল।
➡️২০০০ চনৰ এই দিনটোতে ‘বাঘে টাপুৰ ৰাতি’ গ্ৰন্থৰ বাবে অপূৰ্ব শৰ্মালৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে প্ৰথিতযশা সাহিত্যিক মহিম বৰালৈ তেওঁৰ ‘এধানি মাহীৰ হাঁহি’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.