আজি ২৩ আগষ্ট

➡️১৮৬৬ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । ইতিহাসত এই চুক্তি ‘প্ৰাগ চুক্তি’ নামেৰে জনাজাত।
➡️ প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ আগষ্টত।
➡️ ১৯৪৫ চনৰ ২৩ আগষ্টত চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰীৰূপে অধিস্থিত হৈছিল।
➡️ ন্যায়াধীশ চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহাই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৫৯ চনৰ ২৩ আগষ্টত। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
➡️ ১৯৯১ চনৰ ২৩ আগষ্টত ৰুছ গণৰাজ্যত বৰিছ য়েল্টছিনে কমিউনিষ্ট পাৰ্টীক নিষিদ্ধ ঘোষণা কৰিছিল।
➡️ ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘প্ৰাভডা’ ১৯৯১ চনৰ আজিৰ দিনটোৰ পৰা কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হৈছিল।
➡️ ১৯৯৮ চনৰ ২৩ আগষ্টৰ পৰা ৰুছ প্ৰধান মন্ত্ৰী কিৰিয়েংকো…

You might also like
Leave A Reply

Your email address will not be published.