আজি ২৩ জুন

➡️আজিৰ দিনটো লাক্সেমবাৰ্গৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৫৭ চনৰ এই দিনটোতে পলাশীৰ যুদ্ধ হৈছিল। ৰবাৰ্ট ক্লাইভ নেতৃত্বাধীন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত বংগৰ নবাব ছিৰাজোদ্দৌল্লাৰ পৰাস্ত হৈ পলায়ন। পিছত তেওঁ ধৰা পৰে আৰু এই বছৰৰে ২ জুলাইত মহম্মদ বেগৰ হাতত তেওঁৰ মৃত্যু হয়। ছিৰাজৰ সেনাপতি মীৰজাফৰ হয় বংগৰ নবাব।
➡️১৯০৭ চনৰ ২৩ জুন তাৰিখে ব্ৰিটিছ অৰ্থনীতিবিদ জেমছ মিডেৰ জন্ম হৈছিল। ১৯৭৭ চনত তেওঁ যুটীয়াভাৱে অৰ্থনীতিত নোবেল বঁটা লাভ কৰে।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণসিংঘে প্ৰেমদাসাৰ কলম্বোত জন্ম হৈছিল। ১৯৮৯ চনৰ পৰা ১৯৯৩ চনলৈকে তেওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯৫৩ চনৰ এই দিনটোতে ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যু হৈছিল।
➡️১৯৮০ চনৰ ২৩ জুন তাৰিখে এক বিমান দুৰ্ঘটনাত যুৱ কংগ্ৰেছৰ নেতা তথা ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু হৈছিল।
➡️১৯৮৫ চনৰ আজিৰ দিনটোতে আটলাণ্টিক মহাসাগৰৰ ওপৰত এয়াৰ ইণ্ডিয়াৰ জাম্বো জেট বিমান ‘কনিষ্ক’ ধ্বংসপ্ৰাপ্ত হৈ ৩২৯ যাত্ৰীৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে সপ্তাহজোৰা কাৰ্যসূচীৰে নেপালৰ ৰজা-ৰাণীৰ ভাৰত ভ্ৰমণ আৰম্ভ।।

 

You might also like
Leave A Reply

Your email address will not be published.