➡️১৫৫৬ চনৰ ২৪ জানুৱাৰী তাৰিখে চীনত প্ৰবল ভূমিকম্প। প্ৰায় ৮ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
➡️১৭১২ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াৰ ৰজা ‘ফ্ৰেডেৰিক দি গ্ৰেট’ৰ (দ্বিতীয় ফ্ৰেডেৰিক) জন্ম হৈছিল।
➡️১৯৫০ চনৰ এই দিনটোতে ‘জন-গণ-মন’ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে (National Anthem) স্বীকৃতি দিয়া হৈছিল। একেদৰে ‘বন্দে মাতৰম’ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ (National song) সমমৰ্যদাসম্পন্ন গীত ৰূপে স্বীকৃতি দিয়া হয়।
➡️১৯৫১ চনৰ ২৪ জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰথম গৰাকী মহিলা পাইলট ৰূপে প্ৰেম মাথুৰৰ কাৰ্যভাৰ গ্ৰহণ।
➡️১৯৫২ চনৰ আজিৰ দিনটোতে মুম্বাইত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হয়।
➡️১৯৫৪ চনৰ এই দিনটোতে সাহিত্যিক কালিৰাম মেধিৰ মৃত্যু হৈছিল।
➡️১৯৬৫ চনৰ ২৪ জানুৱাৰী তাৰিখে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী, ৰাজনীতিবিদ, সাহিত্যিক ছাৰ উইনষ্টন চাৰ্চিলৰ (সম্পূৰ্ণ নাম উইনষ্টন লিঅ’নাৰ্ড স্পেন্সাৰ চাৰ্চিল) মৃত্যু হৈছিল। দুবাৰকৈ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ উপৰি ১৯৫৩ চনত চাৰ্চিলে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
➡️১৯৬৬ চনৰ ২৪ জানুৱাৰী তাৰিখে ইন্দিৰা গান্ধী প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হয়। প্ৰথমটো কাৰ্যকালত ইন্দিৰা গান্ধীয়ে ১৯৭৭ চনৰ ২৪ মাৰ্চলৈকে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০১ চনৰ আজিৰ দিনটোতে লতা মংগেশকাৰ আৰু বিছমিল্লা খানলৈ আগবঢ়োৱা হৈছিল ভাৰতৰত্ন সন্মান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Next Post
You might also like