আজি ২৪ জুন

➡️১২০৬ চনৰ আজিৰ দিনটোতে কুটুবুদ্দিন আইবেক দিল্লীৰ চুলতান হৈছিল।
➡️১৮৬৯ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম সশস্ত্ৰ বিপ্লৱী ৰূপে প্ৰখ্যাত দামোদৰ হৰি ছাপেৰকাৰৰ জন্ম হৈছিল।
➡️১৯৪৬ চনৰ ২৪ জুন তাৰিখে প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি’ৰ সম্পাদক কমলালয়া কাকতিৰ মৃত্যু হৈছিল।
➡️১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতত টেলেক্স সেৱা আৰম্ভ হৈছিল।
➡️১৯৮৪ চনৰ এই দিনটোতে কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰক ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।
➡️১৯৯১ চনৰ ২৪ জুন তাৰিখে ভাৰতৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হৈছিল। মুখ্যমন্ত্ৰী হৈছিল কল্যাণ সিং।
➡️২০০৪ চনৰ আজিৰ দিনটোতে বছৰটোৰ প্ৰথমটো বানত কেইবাখনো নদীৰ মথাউৰি ছিগাৰ ফলত ৰাজ্যৰ সহস্ৰাধিক গাওঁ জলমগ্ন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.