আজি ২৪ জুলাই

➡️ আজি ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।

➡️ ১৯৯৭ চনৰ ২৪ জুলাইত বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হৈছিল ।

➡️ প্ৰধান মন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দ আৰু অৰুণা আছফ আলীলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হৈছিল ১৯৯৭ চনৰ ২৪ জুলাইত।

➡️ ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল ১৮০২ চনৰ ২৪ জুলাইত।

➡️ ১৮৫৭ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ সাহিত্যিক হেনৰিক পোণ্টোপিডানৰ জন্ম হৈছিল । ১৯১৭ চনত তেওঁ লাভ কৰে সাহিত্যৰ ন’বেল বঁটা।

➡️ ১৮৯৭ চনৰ ২৪ জুলাইত প্ৰখ্যাত মহিলা বৈমানিক আমেলিয়া ইয়াৰহৰ্টৰ আমেৰিকাত জন্ম হৈছিল । ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।

➡️ বাংলা ছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰৰ মৃত্যু হৈছিল ১৯৮০ চনৰ ২৪ জুলাইত।

➡️ ১৯৮৩ চনৰ ২৪ জুলাইত প্ৰখ্যাত হিন্দী কবি মহাদেৱী বৰ্মাক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.