১৪০০ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি জিঅ’ফ্ৰে চচাৰৰ মৃত্যু।’কেন্টাৰবুৰী টেলছ’ তেওঁৰ প্ৰসিদ্ধ সাহিত্যকৃতি।
১৬৪৭ চনৰ আজিৰ দিনটোতেই ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু।
১৮৮১ চনৰ এই দিনটোতেই চিত্ৰশিল্পী পাবলো পিকাছোৰ জন্ম হৈছিল।
১৯৪৭ চনৰ এই দিনটোতেই পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ কাশ্মীৰ আক্ৰমণ। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ ভাৰতক সহায় প্ৰাৰ্থনা।
১৯৫১ চনৰ এই দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত।
১৯৭১ চনৰ আজিৰ দিনটোতেই চীনৰ ৰাষ্ট্ৰসংঘৰ সদস্য পদ লাভ।টাইৱান বহিস্কৃত।
১৯৭১ চনৰ আজিৰ দিনটোতেই বাংলাদেশৰ নেতা শ্বেখ মুজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী।
১৯৯১ চনৰ আজিৰ দিনটোতেই বিবদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়,তাৰ বাবে ব্যৱস্থা ল’বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ।
১৯৯৯ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক জে এম কোৱেটজীক তেওঁৰ ‘ডিছগ্ৰেছ’ নামৰ উপন্যাসৰ বাবে বুকাৰ বঁটা প্ৰদান।
২০০৫ চনৰ এই দিনটোতেই আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পিপুলছ কনছালটেটিভ গ্ৰুপ (PCG) আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হৈছিল।।